Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
সমললৈ যাওক

ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/৪০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাছাৰ গ্লেন ৰিচাৰ্চ চেণ্টাৰৰ গৱেষকসকলে ১৯৬৭ চনত বিমানৰ ইঞ্জিনৰ শব্দ জুখিছিল

অবাঞ্চিত বা ক্ষতিকাৰক শব্দক কোলাহল বোলে, যাক অপ্ৰিয়, উচ্চ বা শ্ৰৱণ ক্ষমতাত বিঘ্নকাৰী বুলি গণ্য কৰা হয়। পদাৰ্থ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শব্দ আৰু আকাংক্ষিত শব্দৰ মাজত কোনো পাৰ্থক্য নাথাকে, কিয়নো দুয়োটাই বায়ু বা পানীৰ দৰে মাধ্যমৰ মাজেৰে হোৱা কম্পন। মগজুৱে শব্দ গ্ৰহণ আৰু অনুভৱ কৰাৰ পাছত এই পাৰ্থক্যৰ সৃষ্টি হয়।

ধ্বনিবিজ্ঞানৰ কোলাহল ধ্বনি ক্ষেত্ৰৰ যিকোনো শব্দ, ই ইচ্ছাকৃত (যেনে, সংগীত বা বাক্য) বা অনিচ্ছাকৃত হ’ব পাৰে। ইয়াৰ বিপৰীতে ইলেক্ট্ৰনিকছৰ শব্দ মানুহৰ কাণেৰে শুনা নাযায় আৰু ধৰা পেলাবলৈ যন্ত্ৰৰ প্ৰয়োজন হ'ব পাৰে।

অডিঅ’ ইঞ্জিনিয়াৰিঙত কোলাহলে অবাঞ্চিত অৱশিষ্ট ইলেক্ট্ৰনিক শব্দ সংকেতক বুজাব পাৰে, যিয়ে সোঁসোৱনি হিচাপে শুনা ধ্বনিবিজ্ঞানৰ শব্দৰ জন্ম দিয়ে। এই সংকেত শব্দ সাধাৰণতে A-weighting বা ITU-R 468 weighting ব্যৱহাৰ কৰি জুখিব পাৰি।

পৰীক্ষামূলক বিজ্ঞানত কোলাহলে তথ্যৰ যিকোনো যাদৃচ্ছিক উঠা-নমাক বুজাব পাৰে, যিয়ে কোনো সংকেতৰ উপলব্ধিত বাধা দিয়ে।

ইয়াত বিতংকৈ পঢ়ক...