Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
Transfiguration pending
সমললৈ যাওক

মৰুদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভূগোলৰ মতে মৰুদ্যান (ইংৰাজী: oasis) হৈছে মৰুভূমি বা অৰ্ধ-মৰুভূমিৰ পৰিৱেশত থকা এক উৰ্ব্বৰ এলেকা (প্ৰায়ে খেজুৰৰ দৰে উদ্ভিদ গজে)।[1] মৰুদ্যানে জন্তু আৰু উদ্ভিদক বাসস্থানো প্ৰদান কৰে। মৰুভূমিত বতাহৰ অবনমন (Deflation) কাৰ্যৰ ফলত মৰুপৃষ্ঠৰ একো-একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ (Groundwater) জলৰাশিৰ সংস্পৰ্শত আহি তেনে অবনমিত অংশত পানী জমা হয়। কালক্ৰমত তেনে পানী জমা হোৱা অবনমিত অংশৰ চাৰিওকাষে সেউজ আৱৰণৰ সৃষ্টি হয়। মৰুভূমিৰ এনে পানী থকা সেউজ আৱৰণযুক্ত অৱনমিত অংশকে মৰুদ্যান বোলা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Battesti, Vincent (2005) Jardins au désert: Évolution des pratiques et savoirs oasiens: Jérid tunisien. Paris: IRD éditions. আই.এচ.বি.এন. 978-2-7177-2584-1.