Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
Transfiguration pending
সমললৈ যাওক

১১ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১১ আগষ্ট (ইংৰাজী: 11 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৩তম (অধিবৰ্ষত ২২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৩১১৪ খ্ৰীষ্টপূৰ্ব - মেছ'আমেৰিকান লং কাউণ্ট কেলেণ্ডাৰ আৰম্ভ হৈছিল, বিভিন্ন প্ৰাক-কলম্বিয়ান মেছ'আমেৰিকান সভ্যতাত, বিশেষকৈ মায়া সকলৰ দ্বাৰা ব্য়ৱহাৰ হৈছিল।
  • ১৯৬০ - চাদ প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৬১ - দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰত কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
  • ১৯৯৮ - নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰত বিস্ফোৰণ ঘটি বিস্তৰ ক্ষতিসাধন হয়।
  • ১৯৯৯ - চনৰ এই দিনটোতেই ঘটিছিল পূৰ্ণাগ্ৰাহ সূৰ্য গ্ৰহণ।
  • ২০০৭ - ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীয়ে শপত গ্ৰহণ কৰিছিল।
  • ১৮৫৮ - খ্ৰীষ্টিয়ান আইকমান, বিশিষ্ট চিকিৎসা বিজ্ঞানী, নেদাৰলেণ্ডত জন্ম হৈছিল। ১৯২৯ চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - ইনেড মেৰী ব্লাইটন, ইংৰাজী শিশু সাহিত্য় লেখিকা, লণ্ডনত জন্ম হৈছিল। তেখেতৰ কালজয়ী সাহিত্য় গ্ৰন্থ ন'ডী (Noddy), ফেমাছ ফাইভ (Famous Five), চিক্ৰেট চেভেন (Secret Seven), আৰু মেল'ৰী টাৱাৰছ (Malory Towers) কেইখন বিশ্বৰ ৯০টাতকৈও অধিক ভাষালৈ অনুবাদিত হৈছে। (মৃঃ ২৮ নৱেম্বৰ, ১৯৬৮)
  • ১৯৩৮ - বাপচি সিধৱা, গুজৰাটী পাৰ্চী জৰ’ৱাষ্ট্ৰিয়ান বংশোদ্ভৱ এগৰাকী আমেৰিকান ঔপন্যাসিক।
  • ১৯৪৩ - পাৰভেজ মুশ্বাৰফ, পাকিস্থানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সেনা প্ৰধান জেনেৰেল।
  • ১৯৫৩ - হাক হ'গান, ৮০ দশকৰ জনপ্ৰিয় ডব্লিউ ডব্লিউ ই (WWE)ৰ মল্ল যুঁজাৰু।
  • ১৯৬১ - সুনীল চেট্টী, বলীউডৰ অভিনেতা।
  • ১৯০৮ - খুদীৰাম বসু, বেংগল প্ৰেচিডেন্সিৰ এজন ভাৰতীয় বিপ্লৱী আছিল যিয়ে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। খুদীৰামে প্ৰফুল্ল চাকীৰ সৈতে এজন ব্ৰিটিছ ন্যায়াধীশ মেজিষ্ট্ৰেট ডগলাছ কিংছফৰ্ডৰ গাড়ীত বোমা নিক্ষেপ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে গাড়ীত বহি থকা ব্যক্তিজন আছিল ন্যায়াধীশ কিংছফৰ্ড। অৱশ্যে মেজিষ্ট্ৰেট কিংছফৰ্ড এখন বেলেগ গাড়ীত বহি আছিল আৰু বোমা নিক্ষেপৰ ফলত দুজন ব্ৰিটিছ মহিলাৰ মৃত্যু হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ আগতে প্ৰফুল্লই নিজকে গুলীয়াই প্ৰাণ ত্যাগ দিছিল। খুদীৰামক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দুয়োগৰাকী মহিলাৰ হত্যাৰ বাবে বিচাৰ কৰা হৈছিল, অৱশেষত মৃত্যুদণ্ড দিয়া হৈছিল। তেওঁ ব্ৰিটিছৰ দ্বাৰা মৃত্যুদণ্ড দিয়া বংগৰ প্ৰথম ভাৰতীয় বিপ্লৱীসকলৰ ভিতৰত এজন আছিল। জন্ম ৩ ডিচেম্বৰ, ১৮৮৯।
  • ১৯৪৫ - হেম বৰুৱা (ত্যাগবীৰ), অসমৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক।
  • ১৯৫৬ - জেকছন পোলক, এজন আমেৰিকান চিত্ৰশিল্পী।
  • ১৯৯৯ - সত্যেন্দ্ৰনাথ শৰ্মা, সাহিত্যচাৰ্য।
  • ১৯৯৯ - ৰমানাথ পাৰ্কাৰ, প্ৰাক্তন টেষ্ট খেলুৱৈ।
  • ২০০০ - ঊষা মেহতা, ভাৰতৰ এগৰাকী গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী।
  • ২০০৫ - পাৰ্থপ্ৰতীম চৌধুৰী, সংগীত পৰিচালক।
  • ২০১৪ - ৰবীন ৱিলিয়ামছ, আমেৰিকান অভিনেতা।
  • ২০২০ - ৰাহত ইন্দোৰী, উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ।
  • ২০২০ - নাৰায়ণ চন্দ্ৰ গোস্বামী, নতুন কমলাবাৰী সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ তথা অসমীয়া সাহিত্যিক।
  • চাদ প্ৰজাতন্ত্ৰৰ স্বাধীনতা দিৱস।

অন্যান্য

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]