Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
সমললৈ যাওক

দিছপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দিশপুৰৰ পৰা পুনঃনিৰ্দেশিত)
দিছপুৰ
—  ৰাজধানী চহৰ  —
দিছপুৰ is located in Assam
দিছপুৰ
ভৌগোলিক স্থানাংক: 26°08′27″N 91°47′27″E / 26.14083°N 91.79083°E / 26.14083; 91.79083স্থানাংক: 26°08′27″N 91°47′27″E / 26.14083°N 91.79083°E / 26.14083; 91.79083
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল পশ্চিম অসম
জিলা কামৰূপ মহানগৰ
উচ্চতা ৫৫ মিটাৰ (১৮০.৪৫ ফুট)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 781005
Telephone code 91 - (0) 361 - XX XX XXX
যানবাহনৰ নম্বৰ AS - 25
Climate AC (Köppen)

দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমকামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।

মেঘালয় গঠন হোৱাৰ পিছত ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়।

স্বাস্থ্য সেৱা

[সম্পাদনা কৰক]

দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য।

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]

অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে।

দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়
  • দিছপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শ্ৰীমন্ত শংকৰ একডেমী
মহাবিদ্যালয়

দিছপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়।

ৰাজনীতি

[সম্পাদনা কৰক]

দিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [1]

পৰ্যটনৰ স্থান

[সম্পাদনা কৰক]

গুৰুত্বপূৰ্ণ কাৰ্য্যালয়

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]